Posts

Showing posts from September, 2026

বিবাহৰ পাঁচ মাহৰ পিছত বিচ্ছেদৰ ঘোষণা ৰেপাৰ বাদশ্বাহৰ

Image
 বিবাহৰ পাঁচ মাহৰ পিছত বিচ্ছেদৰ ঘোষণা ৰেপাৰ বাদশ্বাহৰ ভাৰতৰ জনপ্ৰিয় ৰেপাৰ বাদশ্বাহ আৰু পাঞ্জাবী অভিনেত্ৰী ইছা ৰিখীয়ে বিবাহৰ মাত্ৰ পাঁচ মাহৰ পিছত আনুষ্ঠানিকভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰিছে। এই দম্পতীহালে তেওঁলোকৰ বিচ্ছেদ নিশ্চিত কৰিছে, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কেইবা সপ্তাহ ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালে সোমবাৰে নিশা (৩১ আগষ্ট) নিজৰ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত একেধৰণৰ বক্তব্য শ্বেয়াৰ কৰি বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক বিবৃতিত বাদশ্বাহে কয়, "ইছা ৰিখী আৰু মই পাৰস্পৰিকভাৱে পৃথক হৈ নিজৰ নিজৰ পথত যোৱাৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্ত পাৰস্পৰিক সন্মানৰ বাবে লোৱা হৈছে আৰু আমি এই কঠিন সময়ত আমাৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰিবলৈ সকলোকে অনুৰোধ জনাইছো।" তেওঁ লগতে কয়, "এই বিষয়ত আমাৰ এইটোৱেই একমাত্ৰ বক্তব্য। আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো যে আমাৰ সম্পৰ্কৰ বিষয়ে আৰু কোনো ধৰণৰ অনুমান বা জল্পনা-কল্পনা নকৰিব।" এনডিটিভিৰ সূত্ৰৰ মতে, চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই বাদশ্বাহ ...

Vi New Look: Vi সলনি হৈ আছে, শ্বাহৰুখক আগস্থান দি নতুন পদক্ষেপ, এইবাৰ কি পাব?

Image
 Vi New Look: Vi সলনি হৈ আছে, শ্বাহৰুখক আগস্থান দি নতুন পদক্ষেপ, এইবাৰ কি পাব? ভোডাফোন আইডিয়াঃ অহা সপ্তাহৰ ভিতৰত কোম্পানীটোৱে বৃহৎ ব্ৰেণ্ড পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে। ভোডাফোন আইডিয়া: ভোডাফোন আইডিয়া (Vi)-এ নিজৰ ভাবমূৰ্তি সলনি কৰি নতুন ৰূপ ল’বলৈ ওলাইছে। নতুন বিজ্ঞাপনত শ্বাহৰুখ খানৰ ছবি। কোম্পানীয়ে এটাই বাৰ্তা দিছে - 'Vi is changeing, be ready' (Vi is changing, be ready)। অহা এসপ্তাহৰ ভিতৰত বৃহৎ ব্ৰেণ্ড পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে কোম্পানীটোৱে। কোম্পানীয়ে কি কৰিবলৈ ওলাইছে? Vi এ এতিয়া তেওঁলোকৰ ল’গ’ পৰিচয়ক আন এটা 3D মাত্ৰা দিছে। য’ত চকুৰ গ’ল বলটো তলত ৰখাৰ পৰিৱৰ্তে ওপৰত ৰখা হয়। কোম্পানীটোৱে জনাইছে যে এই নতুন ব্ৰেণ্ড ল’গ’টোৰ ডিজাইনে কোম্পানীটোৰ ইতিবাচক মানসিকতা, সজীৱতা আৰু ভৱিষ্যতৰ সম্ভাৱনাক প্ৰতিফলিত কৰিবলৈ গৈ আছে। ১ ছেপ্টেম্বৰৰ পৰা এই নতুন ল’গ’ কোম্পানীটোৰ ডিজিটেল প্লেটফৰ্ম, খুচুৰা বিপণী আৰু যোগাযোগ কেন্দ্ৰত দেখা যাব। এইবাৰ প্ৰচাৰত অংশগ্ৰহণ কৰিব শ্বাহৰুখ খান। এই নতুন পদ্ধতিৰে কোম্পানীটোৱে বলীউডৰ ৰজা শ্বাহৰুখ খানক বাছি লৈছে ইয়াৰ প্ৰচাৰৰ বাবে। নতুন ল’গ’ৰ পিছত কোম্পান...

মুছলমানৰ মছজিদ, কোৰআন জ্বলাই নেপালৰ হিন্দু সকলে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিছে। আৰু কি ক'লে হিন্দু যুৱকজনে শুনক।

Image
  মুছলমানৰ মছজিদ, কোৰআন জ্বলাই নেপালৰ হিন্দু সকলে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিছে। আৰু কি ক'লে হিন্দু যুৱকজনে শুনক। কৰ্মই ধৰ্ম! এটা ধৰ্মৰ মানুহে আন ধৰ্মৰ মানুহক হাৰাশাস্তি কৰা উচিত নহয়। হিন্দু মানুহ এজনক কাটিলে তেজ একেই হ’ব। মুছলমান মানুহ এজনক কাটিলে তেজ একেই হব। এই পৃথিৱীত হিন্দু আৰু মুছলমানক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ’ব। এজন হিন্দু নে মুছলমান, কোনো কথা নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল এজনৰ ভিতৰত মানৱতা আছে নে নাই।